মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)

কাৰ্য্য আৰু উদ্দেশ্য

সংঘৰ কাৰ্য্য আৰু উদ্দেশ্য হৈছেঃ

সমবায় ভিত্তিত আৰু বিশেষ ধৰণে ৰাজ্যখনত হস্ততাঁত বয়নশিল্প আৰু আন কুটিৰ উদ্যোগক সংগঠিত কৰাঃ

  • উদ্যোগ আৰু ইয়াৰ সৈতে জড়িত সদস্য সকলৰ প্ৰয়োজনীয় কেঁচা সামগ্ৰী যেনে সুতা, ৰং, ৰাসায়নিক ইত্যাদিবোৰ অধিক্ৰয় কৰা, এনে সামগ্ৰী বোৰৰ যথোপযুক্ত সঞ্চয়স্থান, পেকিং আৰু পৰিবহনৰ ব্যৱস্থা কৰা আৰু এই সামগ্ৰী সমূহ অনুমোদিত গোট সমূহক বিক্ৰী কৰা।
  • বয়ন উদ্যোগৰ বাবে প্ৰয়োজনীয় তাঁত আৰু সা-সৰঞ্জাম ইত্যাদিৰ দৰে উপকৰণ সমূহ ক্ৰয় কৰা আৰু সেইবোৰ অনুমোদিত গোট সমূহক বিক্ৰী কৰা।
  • অনুমোদিত গোট সমূহৰ পৰা শেষ উত্পাদন সমূহ ক্ৰয় কৰা আৰু সেইবোৰ উচিত লাভত বিক্ৰী কৰা।
  • কেঁচা সামগ্ৰী, শেষ উত্পাদন, তাত আৰু সা-সৰঞ্জাম আৰু শেষ সামগ্ৰীৰ ৰপ্তানিও স্বাধীন ভাবে অথৱা চৰকাৰী প্ৰতিনিধি বা অনুমোদিত আন অনুষ্ঠানৰ জৰিয়তে অনুমোদিত গোট সমূহৰ স্বৰ্থত অন্তঃৰাজ্যিক ব্যৱসায় অব্যাহত ৰখা।
  • বোৱা-কটা আৰু এনে আন কাৰ্য্যক্ৰম পোনপটিয়াকৈ বা অনুমোদিত গোটৰ হৈ গ্ৰহন কৰা।
  • হস্ততাঁত উদ্যোগৰ সৈতে জড়িত ধোৱা, কেলেণ্ডাৰিং, প্ৰস্তুতিমূলক, সমাপ্তিকৰণ, ৰঞ্জন, চপা আৰু আৰ্হি প্ৰস্তুতকৰণ আদি প্ৰক্ৰিয়াকৰণৰ কাৰ্য্য গ্ৰহন কৰা আৰু ইয়াৰ বাবে এটা বা তাতোকৈ অধিক উদ্যোগ আৰু কাৰখানা স্থাপন, পৰিচালনা আৰু প্ৰবন্ধন কৰা।
  • অনুমোদিত গোট সমূহৰ বাবে কেন্দ্ৰীয় বিপণন কেন্দ্ৰ হিচাপে সেৱা আগবঢ়োৱা আৰু অনুমোদিত গোট সমূহৰ কাম-কাজ পৰ্য্যবেক্ষণ কৰা আৰু উন্নত পদ্ধতি, মাণদণ্ড আৰু আৰ্হি বজাই ৰাখিবলৈ তেওঁলোকক প্ৰযুক্তগত দিহা আৰু সহয় প্ৰদান কৰা আৰু তেঁওলোকৰ ব্যৱস্থাপনা আৰু পৰিচালনা দক্ষতাৰ উন্নয়ন সাধন কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থাপনা পদ্ধতি প্ৰদান কৰা।
  • গোট সমূহৰ ব্যৱসায় বা ইয়াৰ অনুমোদিত গোট সমূহৰ স্বৰ্থত ৰাজ্যৰ ভিতৰে আৰু বাহিৰে বিক্ৰী ডিপো, শাখা, কেন্দ্ৰ আৰু কাৰ্য্যলয় খোলা আৰু হস্ততাঁত আৰু আন কুটিৰ উদ্যোগৰ সৈতে জড়িত এজেঞ্চী লোৱা।
  • হস্ততাঁত, বিদ্যুত চালিত তাত আৰু কুটিৰ উদ্যোগ উত্পাদনৰ সৈতে মেলা, প্ৰদৰ্শনী আদি আয়োজন কৰা বা এইবোৰত অংশগ্ৰহন কৰা।
  • মূল গোট আৰু লগতে অনুমোদিত গোট সমূহৰ বাবে যোগ্য পৰ্য্যবেক্ষক আৰু প্ৰযুক্তিগত কৰ্মী, প্ৰৱন্ধক, হিচাপ ৰক্ষক আদিৰ এক সমূহ সৃষ্টি আৰু ইয়াক বজায় ৰখা।
  • অধিক্ৰয়, উত্পাদন, বিপণন পণ্যগাৰ আৰু কেঁচা সমগ্ৰী আৰু শেষ উত্পাদন বিক্ৰী কৰিবৰ বাবে অনুমোদিত গোট সমূক অগ্ৰিম প্ৰদান কৰা আৰু তেওঁলোকৰ পৰা সেৱা শুক্ল আদায় কৰা।
  • কেঁচা সামগ্ৰী আৰু লগতে হস্ততাঁত আৰু কুটিৰ উদ্যোগ উত্পাদনৰ আমদানি আৰু ৰপ্তানি কৰিবৰ বাবে চৰকাৰ তথা আন প্ৰতিষ্ঠানৰ সৈতে চুক্তিত আবদ্ধ হোৱা।
  • এনে শৰ্তাবলী অনুযায়ী সদশ্য সকলৰ পৰা জমাৰাশি সমূহ গ্ৰহন কৰিব লাগিব যি হয়তো পৰিষদে এই ক্ষেত্ৰত নিৰ্ধাৰণ কৰি দিব।
  • এনে আন কাৰ্য্য কৰিব লাগিব যি সৰ্ব ভাৰতীয় হস্ততাঁত পৰিষদৰ চৰকাৰ বা সৰ্বভাৰতীয় সমবায় কটনা উদ্যোগ, সংঘ আৰু এনে আন বৈধানিক আৰু প্ৰসাৰ মূলক প্ৰতিষ্ঠানৰ নিৰ্দেশনা অনুযায়ি হব পাৰে যি সমূহ প্ৰতিষ্ঠান হস্ততাঁত উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ সৃষ্টি কৰা হৈছে যি আৰ্হিত শিপিনী সকলৰ অৰ্থনৈতিক স্থিতি উন্নত কৰা হব।

গোট সমূহৰ স্বাধীনতাঃ

  • চৰকাৰ বা আন, ষ্টেট বেংক অৱ ইণ্ডিয়া, বাণিজ্যক বেংক সমূহ, সৰ্ব ভাৰতীয় হস্ততাঁত পৰিষদ, ৰাষ্ট্ৰীয় সমবায় উন্নয়ন প্ৰতিষ্ঠান আদিৰ পৰা মূলধন অংশীদাৰিত্ব আৰু লোণ আৰু সাহাৰ্য্য গ্ৰহন কৰা।
  • গোট সমূহৰ সামগ্ৰী পাইকাৰী বিক্ৰীৰ বাবে পঞ্জীকৃত উত্পাদনকাৰী, চৰকাৰী প্ৰতিষ্ঠান সংস্থান আদিক গ্ৰহন কৰা।
  • বিপণন, উদ্যোগিক পাইকাৰী গ্ৰাহক আৰু গাঁও পঞ্চায়ত পৰ্য্যায়ৰ সমবায় সমিতি সকলৰ সৈতে ব্যৱসায়িক সম্পৰ্ক স্থাপন আৰু নিৰূপণ কৰা।
  • ৰাজ্যিক সমবায় বেংক, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ সমবায় সংঘ আৰু সন্থা সমূহ আৰু অন্য সমবায় বিত্তিয় প্ৰতিষ্ঠানৰ সদস্য হোৱা।
  • ভুমি আৰু ভৱন, বাঁহন, কাৰখানা, কৰ্মশালা, যন্ত্ৰপাতি আৰু আচবাব আদিবোৰ অৰ্জন কৰা।
  • যিকোনো অনুমোদিত গোটৰ প্ৰবন্ধন ব্যৱস্থাৰ দায়িত্ব গ্ৰহন কৰা যত পঞ্জীয়কৰ মঞ্জুৰী আৰু বিত্তীয় বেংকৰ সন্মতিৰ সৈতে পাৰস্পৰিক একমত থকাৰ দৰে চৰ্তাৱলী দৰকাৰী।
  • শিল্পী সমবায় সমূহৰ সদস্যৰ বাবে কেঁচামাল যোগানৰ ব্যৱস্থা কৰা আৰু তেঁওলোকৰ উত্পাদন সমূহৰ বজাৰকৰণৰ বাবে দৰকাৰী উচিত পদক্ষেপ গ্ৰহন কৰা।
  • উত্কৃষ্ট উত্পাদন সহজ কৰি তুলিবৰ বাবে শিল্পী সমবায় সমূহৰ সদস্য সকলৰ বাবে বিত্তৰ ব্যৱস্থা কৰা।
  • যদি বা যেতিয়াই প্ৰয়োজনীয় বুলি অনুভৱ কৰা হয় তেতিয়াই ৰাজ্যৰ ভিতৰত আৰু বাহিৰতো শিল্পী সমবায় সমূহৰ উত্পাদনৰ বাবেই কেৱল বিক্ৰী ডিপো স্থাপন কৰা।