মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)

ইতিহাস

  • প্ৰধান সমিতিয়ে যাতে সমবায় ভিত্তিত ৰাজ্যত বয়নশিল্প আৰু আন কুটিৰ উদ্যোগক সংঘটিত কৰিব পাৰে এই উদ্দেশ্যে ১৯৭৭ বৰ্ষৰ ২৭ জুলাইত অসম প্ৰধান শিপিনী সমবায় সমিতি লিমিটেডক স্বীকৃতি প্ৰদানৰ জৰিয়তে অসম প্ৰধান শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটড স্থাপন কৰা হৈছিল। প্ৰধান সমবায় সংঘৰ সঞ্চালন ক্ষেত্ৰ হৈছে সমগ্ৰ অসম ৰাজ্য। সংঘৰ বৰ্তমান ২২খন জিলা আৰু ৮৬৭ প্ৰাথমিক পৰ্য্যায়ৰ সমবায় আৰু ১৪১ অন্য সদস্য আছে। গোটেই বছৰ জুৰি সমবায়ে হস্ততাঁত বয়নশিল্প আৰু লগতে হস্তশিল্প কাৰ্যক্ৰম ক্ষেত্ৰত লক্ষ্যাধিক শিপিনী আৰু শিল্পীক নিয়োগৰ সুবিধা প্ৰদান কৰি আহিছে। অৰ্থনৈতিক উন্নয়নৰ উপৰিও ৰাজ্যৰ শিপিনী আৰু শিল্পী সকলৰ সামাজিক উন্নয়নৰ দায়িত্বও সংঘই পালন কৰি আহিছে।

    সংঘই যথেষ্ঠ পৰিমাণে ইয়াৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছে আৰু বিগত বছৰ সমূহত উচিত লাভ অৰ্জন কৰিছে, আৰ্টফেডে ৰাজ্যৰ ভিতৰে-বাহিৰে ৫৩টা প্ৰদৰ্শনী কক্ষ্য প্ৰতিষ্ঠা কৰিছে আৰু একেটা বিত্তীয় বৰ্ষতে আৰু পাঁচটা প্ৰদৰ্শনী কক্ষ স্থাপনৰ প্ৰস্তাৱো গ্ৰহন কৰিছে। এই ৫৩টা প্ৰদৰ্শনী কক্ষৰ ৪৮টা অসমৰ ভিতৰত আৰু পাঁচটা প্ৰদৰ্শনী কক্ষ বাহিৰত প্ৰতিষ্ঠা কৰা হৈছে। কলকাতা, জয়পূৰ, কানপুৰ, ইণ্ডৰ, দিল্লী(বৰ্তমানেও মুকলি কৰিবলৈ বাকী), লখনৌ(বৰ্তমানেও মুকলি কৰিবলৈ বাকী) আৰু বাংগালোৰৰ(বৰ্তমানেও মুকলি কৰিবলৈ বাকী) প্ৰদৰ্শনী কক্ষ সমূহ মূলধনী সম্পদ হিচাপে আৰ্টফেডৰ মালিকাধীন। আৰ্টফেডে ইতিমধ্যেই গুৱাহাটী মহানগৰীত আঠটা প্ৰদৰ্শনী কক্ষ স্থাপন কৰিছে আৰু ইয়াৰে ৰিহাবাৰীস্থিত প্ৰদৰ্শনী কক্ষটো উত্তৰ-পূবৰ এক অত্যাধুনিক শিত-তাপ নিয়ন্ত্ৰীত প্ৰদৰ্শনী কক্ষ হিচাপে আৰ্টফেডৰ নিজা ভূমিত নিৰ্মাণ কৰা হৈছে। আন এক প্ৰদৰ্শনী কক্ষ বৰঝাৰ বিমান বন্দৰত আৰ্টফেডৰ নিজা ভূমিত নিৰ্মাণৰত আৰু মুকলিৰ বাবে প্ৰায় সাজু।