মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)

হস্তশিল্প খণ্ড

      • হস্তশিল্প প্ৰযুক্তিগত প্ৰশিক্ষণ কাৰ্য্যক্ৰমঃ

    আৰ্টফেডে ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰনালয়ৰ উন্নয়ন আয়ুক্তৰ কাৰ্য্যালয়ৰ অধীনত (হ্স্তশিল্প) অসমৰ গোলাঘাট, উজনি দেউৰী গাঁও, নলবাৰী, খুমটাই আৰু ঔগুৰি, যোৰহাট অঞ্চলৰ প্ৰায় ২০০ গৰাকী কাৰিকৰক লৈ  ১০টা হ্স্তশিল্প প্ৰযুক্তিগত প্ৰশিক্ষণ কাৰ্য্যক্ৰমৰ আয়োজন কৰিছে। মূঠ প্ৰকল্প খৰচৰ পৰিমাণ ৫৪,২০,৬০০.০০ টকা।

      • শিল্প সজাগতা কাৰ্য্যক্ৰমঃ

    ভাৰত চৰাকৰৰ বস্ত্ৰশিল্প মন্ত্ৰনালয়ৰ উন্নয়ন আয়ুক্তৰ কাৰ্য্যালয় হস্তশিল্পৰ অধীনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ফেৰ মাৰিব পৰাকৈ ৰাজ্যৰ ২৫টা অঞ্চলৰ প্ৰায় ৫০০ শিল্পীক সামৰি শিল্প আৰু ইয়াৰ উন্নয়ন সম্বন্ধে সজাগতা বৃদ্ধি কৰিবলৈ ২৫টা শিল্প সজাগতা কাৰ্য্যক্ৰমৰ আয়োজন কৰা হব।

      • শিল্প থোপ প্ৰকল্পঃ

    ৰঙিয়াত বাঁহ আৰু বেট, কলাত্মক বস্ত্ৰশিল্প; সৰ্থেবাৰীত কাহ ধাতু শিল্প; ৰঙাপাৰাত বাঁহ আৰু বেট, কলাত্মক বস্ত্ৰশিল্প, এম্ব্ৰইদাৰী; বিহালীত কলাত্মক বস্ত্ৰশিল্প আৰু এম্ব্ৰইদাৰী শিল্পৰ সম্পৰ্কীয় ৪টা শিল্প থোপ প্ৰকল্প চলি আছে।
    আৰ্টফেডে এই বছৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ হস্তশিল্প সামগ্ৰী সমূহ বিক্ৰী আৰু প্ৰদৰ্শন কৰিবলৈ কিছু সংখ্যক শিল্প বজাৰ, গান্ধী শিল্প বজাৰ, সংগৃহিত প্ৰদৰ্শনী, হস্তশিল্প প্ৰদৰ্শনী অনুষ্ঠিত কৰিবলৈ প্ৰস্তাৱ কৰিছে।