মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)

হস্ততাঁত খণ্ড

      • ভৱানীপুৰ খণ্ড পৰ্য্যায়ৰ থোপ প্ৰকল্পঃ

    ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰনালয়, হস্ততাঁত উন্নয়ন আয়ুক্ত কাৰ্য্যালয়ৰ অধীনত বৰপেটা জিলাত ভৱানীপুৰ খণ্ড পৰ্য্যায়ৰ থোপ প্ৰকল্প।
    মূঠ হিতাধিকাৰী- ৭০০ গৰাকী
    প্ৰকল্প খৰচ- ১৩৯.৪৯ লাখ টকা
    প্ৰকল্প ম্যাদ- তিনি বছৰ
    দক্ষতা উন্নয়ন প্ৰশিক্ষণ কাৰ্য্যক্ৰম, প্ৰযুক্তি উন্নয়নৰ মৌলিক প্ৰয়োজন, চি.এফ.চি. সংস্থাপন আদিবোৰে শিপিনী সকলৰ স্বভাব বাণিজ্যিকৰণৰ দিশে সলনি কৰিছে।

      • বকো খণ্ড পৰ্য্যায় থোপ প্ৰকল্পঃ

    ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰনালয়, হস্ততাঁত উন্নয়ন আয়ুক্ত কাৰ্য্যালয়ৰ অধীনত বকো খণ্ড পৰ্য্যায় থোপ প্ৰকল্প।
    মূঠ হিতাধিকাৰী- ৬৮০ গৰাকী
    প্ৰকল্প খৰচ- ১৩৯.৩৯ লাখ টকা
    প্ৰকল্প ম্যাদ- তিনি বছৰ
    দক্ষতা উন্নয়ন প্ৰশিক্ষণ কাৰ্য্যক্ৰম, প্ৰযুক্তি উন্নয়নৰ মৌলিক প্ৰয়োজন, চি.এফ.চি. সংস্থাপন আদিবোৰে শিপিনী সকলৰ স্বভাৱ বাণিজ্যিকৰণৰ দিশে সলনি কৰিছে।

      • অসম চৰকাৰৰ ডব্লিও.পি.টি. আৰু বি.চি. বিভাগৰ অধীনত অনুসুচীত জনজাতীৰ শিপিনী সকলৰ বাবে দক্ষতা উন্নয়ন প্ৰশিক্ষণঃ

    অভিজ্ঞ সকলৰ নিৰীক্ষণত মূল্য সংযোজিত পোছাক উত্পাদনৰ বাবে ৰাজ্যখনত ৩২৮ গৰাকী অনুসুচীত জনজাতি হিতাধিকাৰীক হস্ততাঁত বয়নশিল্প দক্ষতা উন্নয়ন প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

      • সুতা বেংক আচনি প্ৰতিষ্ঠাঃ

    অসম চৰাকাৰে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীনত ৰাজ্যৰ ২৭খন জিলাৰ হস্ততাঁত শিপিনীসকলৰ বাবে ২০১৩-১৪ বৰ্ষত সুতা বেংক নিৰ্মাণৰ বাবে ১,২১৫.০০ লাখ টকাৰ প্ৰশাসনীক মঞ্জুৰী প্ৰদান কৰিছে। অসম চৰকাৰৰ নিৰ্দেশাৱলী অনুসৰি আৰ্টফেডে এই আঁচনি ৰূপায়নৰ দায়িত্ব গ্ৰহন কৰে।
    প্ৰথম পৰ্য্যায়ত হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ বাজেট ব্যৱস্থা অনুসৰি দিব্ৰুগড়, তিনিচুকীয়া, বৰপেটা, গোৱালপাৰা, নগাঁও, যোৰহাট, শিৱসাগৰ, লক্ষিমপূৰ, ধেমাজী, শিলচৰ, কামৰূপত ১১টা সুতা বেংকৰ বাবে ২০১৩-১৪ বৰ্ষত ৪৬৯.০০ লাখ টকা মুকলি কৰি দিয়ে। এই আটাইকেইটাই নিয়াৰিকৈ কাৰ্য্যৰত।
    দ্বিতীয় পৰ্য্যায়ত, গোলাঘাট, মৰিগাঁও, দৰং, শোণিতপুৰ, নলবাৰী, ধুবুৰী, বঙাইগাঁও, কৰিমগঞ্জ জিলাসমূহত ৮টা সুতা বেংক স্থাপনৰ বাবে ৪০০.০০ লাখ টকা মুকলি কৰা হৈছে।
    এই আটাইকেইটা সুতা বেংকৰ বাবে বিভাগে ৩৪৬.০০লাখ টকা বৰ্তমানেও মুকলি কৰি দিবলৈ আছে।
    এই জিলাসমূহৰ লক্ষপূৰ্ণ সকলো শিপিনীয়ে মিল গেটৰ হাৰত ২০শতাংশ ৰাজসাহৰ্য্যৰ সৈতে সকলো প্ৰকাৰৰ সুতা অধিগ্ৰহন কৰি আছে।

      • ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰনালয়ৰ অধীনত শিৱসাগৰৰ বৃহত্ হস্ততাঁত থোপ.

    সম্পদ কেন্দ্ৰৰ বাবে মন্ত্ৰনালয়ত ডি.পি.আৰ. দাখিল কৰা হৈছে।
    মূঠ প্ৰকল্প খৰচ- ২.০০কোটি টকা
    কাজিৰঙাত বিপণন উন্নয়ন খুচুৰা বিক্ৰীকেন্দ্ৰ অধীনত মন্ত্ৰণালয়ত ০.৩৮লাখ টকাৰ ডি.পি.আৰ. দাখিল কৰা হৈছে।
    পৰ্য্যতন গাঁৱৰ উন্নয়ন প্ৰগতিৰ পথত- ১.২৫লাখ টকা।
    সম্পদ কেন্দ্ৰই হস্ততাঁত বয়ন, পোছাক নিৰ্মাণ আদি প্ৰশিক্ষণৰ জৰিয়তে শিপিনী সকলৰ উদ্যমিতা বৃত্তি উন্নয়নত সহায় কৰিব, ইত্যাদি।

      • অসম চৰকাৰৰ ডব্লিও.পি.টি আৰু বি.চি. বিভাগৰ অধীনত অনুসুচীত জনজাতিৰ শিপিনী সকলৰ বাবে দক্ষতা উন্নয়ন প্ৰশিক্ষণঃ

    অভিজ্ঞ সকলৰ নিৰীক্ষণত মূল্য সংযোজিত পোছাক উত্পাদনৰ বাবে ৰাজ্যখনত ৩২৮ গৰাকী অনুসুচীত জনজাতি হিতাধিকাৰীক হস্ততাঁত বয়নশিল্প দক্ষতা উন্নয়ন প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

      • সাজ-পোছাক নিৰ্মাণ কেন্দ্ৰঃ

    ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰনালয়ৰ অধীনষ্ঠদিল্লীৰ এন.ই.আৰ.টি.পি.এছ.ৰ অধীনত গুৱাহাটী চক্ৰৰ পশ্চিম বৰাগাঁও, থানা-মৌজাঃ জালুকবাৰী অঞ্চলত ১.৫ একৰ ভূমিত "সাজ-পোছাক নিৰ্মাণ কেন্দ্ৰ" নামৰ প্ৰকল্পটো স্থাপন কৰা হৈছে। প্ৰকল্প ক্ষেত্ৰৰ দুৰত্বআনুমানিক ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১.৫ কিলোমিটাৰ, গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ১৩ কিলোমিটাৰ, কামাখ্যা ৰেল ষ্টেচনৰ পৰা ৭ কিলোমিটাৰ আৰু গুৱাহাটী লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ১৭ কিলোমিটাৰ হব। অসম সৰ্বোচ্চ শিপিনী আৰু শিল্প সমবায় সংঘ লিমিটেডক (আৰ্টফেড)অসম চৰকাৰে প্ৰকল্প ৰূপায়নকাৰী প্ৰতিষ্ঠান (পি.আই.এ.)হিচাপে চিহ্নিত কৰিছে। উল্লেখিত উষ্মায়ন কেন্দ্ৰটোত তিনিটা একক আছে আৰুপ্ৰতিটো এককৰ ঠাই ১৫০০০ বৰ্গফুট। আন্তগাঁঠনিৰ সুবিধা আৰু ৩০০ চিলাই মেচিন আৰু লগতে সা-সৰঞ্জামৰ সৈতে খৰচ হব ১৪২৬..১৫লাখ টকা। গুৱাহাটীৰ এম./এছ. ফ্ৰেব্ৰিক প্লাচ (পি) লিমিটেড আৰু হাৰিয়ানাৰ এম./এছ. মদেলামা স্কিল (পি) লিমিটেডেপৰ্য্যায়ক্ৰমে Iআৰু II নং একক, সেইয়া হল উত্পাদন একক আৰু লগতে ১নং একক, ই হৈছে দক্ষতা প্ৰদান একক আদিৰ বাবে উমনিদায়ক হিচাপে ষ্টাৰ্ট-আপ আৰাম্ভ কৰিছে।

      • আঞ্চলিক হস্ততাঁত আৰু হস্তশিল্প বিপণন চৌহদঃ

    চিলংস্থিত উত্তৰ-পূব পৰিষদৰ পূজিৰে আৰ্টফেডে এ.কে. আজাদ পথ, গুৱাহাটী-৮, ৰিহাবাৰীত ৰূপায়ন কৰা "আঞ্চলিক হস্ততাঁত আৰু হস্তশিল্প বিপণন চৌহদ নিৰ্মাণ" নামৰ প্ৰকল্পটো হৈছে উত্তৰ-পূৰ্বঞ্চলৰ হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰীসমূহৰবিক্ৰী বৃদ্ধি কৰাৰ উদ্দেশ্যে নিৰ্মিতএটা ব্যাপক চয় মহলীয়া ভৱন। অসম চৰকাৰৰ আগ্ৰহ অনুযায়ী শ্বিলঙস্থিত উত্তৰ-পূব পৰিষদে প্ৰকল্পটোৰ সংশোধনিৰ বাবে আনুমানিক ৭৮৫.৩৪লাখ টকা খৰচৰএক প্ৰশাসনিক অনুমোদন প্ৰদান কৰিছে।