মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)

আৰ্টফেড এক মূখ্য পৰ্য্যায়ৰ গোট

নতুন উত্পাদন স্ৰোত আৰম্ভ কৰা, সংস্থিতি বজাৰৰ অনুসন্ধান কৰি উলিওৱা আৰু লগতে উত্কৃষ্ট গ্ৰহক মূল্য আৰু সন্তুষ্টি প্ৰদান আৰু সৃষ্টি কৰিব পৰা সকলো কাৰ্য্য সম্পাদন কৰা আদি সকলোবোৰৰ জৰিয়তে আৰ্টফেডে হাতে বোৱা বস্ত্ৰশিল্পক নেতৃত্ব প্ৰদান কৰি আছে। বজাৰত আৰ্টফেডে শ্ৰেষ্ঠ আৰু সঠিক সেৱা আগবঢ়োৱা আৰু লগতে বিভিন্ন শ্ৰেণীৰ গ্ৰাহকৰ প্ৰয়োজন আৰু আকাংক্ষা পূৰণৰ বাবে কাৰ্য্যক্ৰমণিকা তৈয়াৰ কৰাৰ বাবে চেষ্টা চলাই আহিছে।

সংঘই বৰ্তমান হস্ততাঁত আৰু বস্ত্ৰশিল্প খণ্ডত বহনক্ষম অৱস্থা বজাই ৰখা আৰু নিয়োগৰ পথ সৃষ্টি কৰা, হস্ততাঁত শিপিনী আৰু শিল্পী সকলৰ আৰ্থ-সামাজিক স্থিতি উন্নত কৰা,উতপাদন বৃদ্ধি, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প খণ্ডৰ বজাৰ সম্ভাৱনীয়তা বৃদ্ধি কৰা আৰু লগতে গোলকীয় বজাৰত ইয়াৰ অংশীদাৰিত্ব বৃদ্ধি কৰাৰ বাবে আত্মবিশ্বাসেৰে প্ৰতিযোগিতা কৰাত গুৰুত্ব আৰোপ কৰিছে। সংঘই গোলকীয় বজাৰলৈ অসমৰ হাতে বোৱা বস্ত্ৰশিল্প বিশেষকৈ মূগা আৰু এৰি পাটৰ ৰপ্তানি বৃদ্ধি কৰা পথৰ সন্ধানতো বিশেষ গুৰুত্ব আৰোপ কৰিছে।

৪০-৫০ কোটি টকা মূল্যৰ উত্পাদন অধিক্ৰয়ৰ জৰিয়তে সংঘই বছৰি অসমৰ প্ৰায় ডেৰ লাখতকৈ অধিক শিপিনী আৰু কলা-কুশলীক পোনপটিয়াকৈ সংস্থাপন প্ৰদান কৰে আৰু তেঁওলোকৰ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰাৰ বাবেও উত্পাদন আৰু বজাৰকৰণৰ সকলো প্ৰকাৰৰ সূবিধা প্ৰদান কৰে। উদাৰীকৰণ, গোলকীকৰণ আৰু ব্যক্তিগতকৰণৰ দৰে বৰ্তমানৰ অৰ্থনৈতিক পৰিবৰ্তনসমূহ বিবেচনা কৰি আৰ্টফেড ব্যৱস্থাপনাই দ্ৰুত প্ৰযুক্তিবিদ্যা উন্নিতকৰণ, কেঁচা-সামগ্ৰীৰ ভেটি তনকিয়াল কৰা, ইয়াৰ অন্তৰ্নিহিত শক্তি অনুযায়ী উদ্যোগিক ক্ষেত্ৰত সংগতি পূৰ্ণ বিকাশ কৰা, বিদ্যমান মানৱ সম্পদৰ উন্নয়ন সাধন কৰা, উত্পাদন বৈচিত্ৰতাৰ সৈতে বহু ফাইবাৰ আধাৰ বিস্তাৰ কৰা, মূলধন বিনিয়োগৰ বাবে উত্সাহিত কৰা, খণ্ডত যৌথ উদ্যোগ আৰু উল্লেখযোগ্য ৰপ্তানি বৃদ্ধি কৰ আদি বোৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে।

বজাৰ উত্তৰণ আৰু বজাৰ সমৰ্থন আঁচনিৰ অধীনত আৰ্টফেডে প্ৰতি বছৰে ৰাষ্ট্ৰীয় হস্ততাঁত মেলা, বিশষ হস্ততাঁত মেলা, জিলা পৰ্য্যয় অনুষ্ঠান, শিল্প বজাৰ, গান্ধী শিল্প বজাৰ, হস্ততাঁত মেলা, গুণ মেলা আদিবোৰৰ আয়োজন কৰি আহিছে।

আৰ্টফেডেবামুনীমৈদাম, পশ্চিম বৰাগাঁও আৰু নলবাৰীস্থিত নিজৰ হস্ততাঁত উত্পাদন এককৰ পৰা অধিক্ৰয় কৰাৰ উপৰিও ব্যক্তিগত শিপিনী আৰু শিল্পী, প্ৰাথমিক পৰ্য্যায়ৰ সমবায় সমিতি, আত্ম সহায়ক গোট, বেচৰকাৰী সংগঠনৰ পৰাও সকলো হাতে বোৱা বস্ত্ৰশিল্প (এৰি, মূগা, কপাহী, কৃতিম) আৰু হস্তশিল্পজাত সামগ্ৰী (বেঁত আৰু বাঁহজাতক সামগ্ৰী, শিতল পাতি, কাঠৰ সামগ্ৰী, কাঁহ আৰু পিতল ধাতুজাতক সামগ্ৰী) আদিবোৰো ক্ৰয় কৰে।

ইয়াৰ বাহিৰেও একাকী নিলাম ব্যৱস্থাৰ অধীনত, আৰ্টফেডে হাতে বোৱা আৰু হস্তশিল্পজাত সামগ্ৰী সমূহ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ যেনে গৃহ বিভাগ, সমাজ কল্যাণ বিভাগ, গুৱাহাটী উন্নয়ন প্ৰাধিকৰণ আৰু কেন্দ্ৰীয় চৰাকাৰৰো ভাৰতীয় ৰেলৰ দৰে বিভাগকো এ.চি.এ.এছ.এইচৰ জৰিয়তে যোগান ধৰিছে।

মেলা বা প্ৰদৰ্শনীবোৰে ভাৰতীয় লোক মানসিকতাৰ বাবে এক সুকীয়া আহ্বান বহন কৰে, এই মেলা বা প্ৰদৰ্শনী সমূহ যত আৰু যেতিয়াই আয়োজন কৰা হয় মানুহে পদাৰ্পণ কৰিবলৈ সহজ অনুভৱ কৰে আৰু বজাৰ কৰাৰ এক আনন্দোত্সৱত লিপ্ত হৈ পৰে। প্ৰতি বছৰে আৰ্টফেডে কিছু সংখ্যক ৰাষ্ট্ৰীয় হস্ততাঁত মেলা, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিশেষ হস্ততাঁত মেলা, বিশেষ হস্ততাঁত মেলা, জিলা পৰ্য্যায়ৰ অনুষ্ঠান, শিল্প মেলা, গান্ধী শিল্প বজাৰ, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হাতে বোৱা আৰু হল্তশিল্পজাত সামগ্ৰী সমূহৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে হস্তশিল্প প্ৰদৰ্শনীৰো আয়োজন কৰে।

ৰাজ্যত এক মূখ্য পৰ্য্যায়ৰ গোট হোৱা হেতুকে, হস্ততাঁত আৰু হস্তশিল্প খণ্ডত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বহুবোৰ আঁচনি/কাৰ্য্যক্ৰম ৰূপায়নৰ ক্ষেত্ৰটো আৰ্টফেড জড়িত। এই আচনি সমূহ ৰূপায়নৰ মল উদ্দেশ্য হৈছে-
সকলো ক্ষেত্ৰতে মহিলা শিপিনী সকলক সৱলীকৰণ কৰা।
ৰাজ্যত শিপিনী আৰু শিল্পী সকলৰ সামাজিক স্থিতিৰ উন্নয়ন সাধন কৰা।
শিপিনী আৰু শিল্পী সকলৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা।
উদ্যমী বৃত্তিৰ বিকাশ ঘটোৱা ইত্যাদি।
শিপিনী আৰু শিল্পী সকলৰ পৰিয়াললৈ সুখ কঢ়িয়াই অনা।