আৰ্টফেডে ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰনালয়ৰ উন্নয়ন আয়ুক্তৰ কাৰ্য্যালয়ৰ অধীনত (হ্স্তশিল্প) অসমৰ গোলাঘাট, উজনি দেউৰী গাঁও, নলবাৰী, খুমটাই আৰু ঔগুৰি, যোৰহাট অঞ্চলৰ প্ৰায় ২০০ গৰাকী কাৰিকৰক লৈ১০টা হ্স্তশিল্প প্ৰযুক্তিগত প্ৰশিক্ষণ কাৰ্য্যক্ৰমৰ আয়োজন কৰিছে। মূঠ প্ৰকল্প খৰচৰ পৰিমাণ ৫৪,২০,৬০০.০০ টকা।
ভাৰত চৰাকৰৰ বস্ত্ৰশিল্প মন্ত্ৰনালয়ৰ উন্নয়ন আয়ুক্তৰ কাৰ্য্যালয় হস্তশিল্পৰ অধীনতৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ফেৰ মাৰিব পৰাকৈ ৰাজ্যৰ ২৫টাঅঞ্চলৰ প্ৰায় ৫০০ শিল্পীক সামৰি শিল্প আৰু ইয়াৰ উন্নয়ন সম্বন্ধে সজাগতা বৃদ্ধি কৰিবলৈ২৫টা শিল্প সজাগতা কাৰ্য্যক্ৰমৰ আয়োজন কৰা হব।
ৰঙিয়াত বাঁহ আৰু বেট, কলাত্মক বস্ত্ৰশিল্প; সৰ্থেবাৰীত কাহ ধাতু শিল্প; ৰঙাপাৰাত বাঁহ আৰু বেট, কলাত্মক বস্ত্ৰশিল্প, এম্ব্ৰইদাৰী; বিহালীত কলাত্মক বস্ত্ৰশিল্প আৰু এম্ব্ৰইদাৰী শিল্পৰ সম্পৰ্কীয় ৪টা শিল্প থোপ প্ৰকল্পচলি আছে। আৰ্টফেডে এই বছৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ হস্তশিল্প সামগ্ৰী সমূহ বিক্ৰী আৰু প্ৰদৰ্শন কৰিবলৈকিছু সংখ্যক শিল্প বজাৰ, গান্ধী শিল্প বজাৰ, সংগৃহিত প্ৰদৰ্শনী, হস্তশিল্প প্ৰদৰ্শনী অনুষ্ঠিত কৰিবলৈ প্ৰস্তাৱ কৰিছে।
ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰনালয়, হস্ততাঁত উন্নয়ন আয়ুক্ত কাৰ্য্যালয়ৰ অধীনত বৰপেটা জিলাতভৱানীপূৰ খণ্ড পৰ্য্যায়ৰ থোপ প্ৰকল্প।
মূঠ হিতাধিকাৰী- ৭০০ গৰাকী
প্ৰকল্প খৰচ- ১৩৯.৪৯ লাখ টকা
প্ৰকল্প ম্যাদ- তিনি বছৰ
দক্ষতা উন্নয়ন প্ৰশিক্ষণ কাৰ্য্যক্ৰম, প্ৰযুক্তি উন্নয়নৰ মৌলিক প্ৰয়োজন, চি.এফ.চি. সংস্থাপন আদিবোৰে শিপিনী সকলৰ স্বভাব বাণিজ্যিকৰণৰ দিশে সলনি কৰিছে।
ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰনালয়, হস্ততাঁত উন্নয়ন আয়ুক্ত কাৰ্য্যালয়ৰ অধীনতবকো খণ্ড পৰ্য্যায় থোপ প্ৰকল্প।
মূঠ হিতাধিকাৰী- ৬৮০ গৰাকী
প্ৰকল্প খৰচ- ১৩৯.৩৯ লাখ টকা
প্ৰকল্প ম্যাদ- তিনি বছৰ
দক্ষতা উন্নয়ন প্ৰশিক্ষণ কাৰ্য্যক্ৰম, প্ৰযুক্তি উন্নয়নৰ মৌলিক প্ৰয়োজন, চি.এফ.চি. সংস্থাপন আদিবোৰে শিপিনী সকলৰ স্বভাব বাণিজ্যিকৰণৰ দিশে সলনি কৰিছে।
অভিজ্ঞ সকলৰ নিৰীক্ষণতমূল্য সংযোজিত পোছাক উত্পাদনৰ বাবে ৰাজ্যখনত ৩২৮ গৰাকী অনুসুচীত জনজাতি হিতাধিকাৰীক হস্ততাঁত বয়নশিল্প দক্ষতা উন্নয়ন প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।