মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)

ৰপ্তানি

১৯৯৭ চনৰ পৰাই বিভিন্ন অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী আগবঢ়াইআৰ্টফেডে উত্তৰ-পূৰ্বাঞ্চলৰ হস্ততাঁত আৰু হস্তশিল্পজাত উত্পাদনৰ সৈতে গোলকীয় বজাৰত প্ৰৱেশ কৰিছিল। গোলকীয় বজাৰত ৰপ্তানি কৰাৰ পথ অন্বেশন কৰি  জাৰ্মানী, জাপান, ইউ.এছ.এ., দক্ষিণ আফ্ৰিকা, ইউ.কে., মালয়ছিয়া, থাইলেণ্ড, শেখ-গণৰাজ্য, ইটালী, ফ্ৰান্স, দক্ষিণ আমেৰিকা, ৰাছিয়া, মৰিচাচ, চুইজাৰলেণ্ড, চিংগাপুৰ, অষ্ট্ৰিয়া,ভিয়েটনাম, ইজিপ্ত, স্পেইন, মেক্সিকো, ভাৰত আদি সকলোতে ২০০৪-০৫ বৰ্ষৰ পৰা সংঘই ৩২ আন্তঃৰাষ্ট্ৰীয় মেলা/বি.এছ.এম./সামগ্ৰী প্ৰদৰ্শনী কাৰ্য্যক্ৰমত, অংশগ্ৰহন কৰিছে।শেহতীয়া আঠটা বছৰত জাপান, ইউ.এছ.এ., মালয়ছিয়া, দক্ষিণ আফ্ৰিকা, ইউ.কে., মৰিচাছ, ইউৰোপীয় দেশসমূহ, ইজিপ্ত, দক্ষিণ আমেৰিকা আদি দেশসমূহৰ গ্ৰাহক সকলৰ পৰা অসমৰ মূগা আৰু এৰি পাটৰ হাতে বোৱা ঘৰত ব্যৱহৃত বস্ত্ৰশিল্প যেনে পৰ্দা, কুচন কভাৰ, লেপ কভাৰ, কেঁথা, চাৱাৰ পৰ্দা,কিম্মানো বস্ত্ৰ আৰু হস্তশিল্পজাত বাঁহ, বেট, শিতলপাটি আৰু বিবিধ মৰাপাটৰ উত্পাদন তথা সামগ্ৰীসমূহৰ অৰ্ডাৰ লাভ কৰি আহিছে আৰু এই অৰ্ডাৰ সমূহ বছৰি সফলভাৱেনিষ্পাতি কৰাও হৈছে।

২০১২-১২ বৰ্ষত, আৰ্টফেডেৰপ্তানিৰ বাবে নিম্নউল্লেখিত আন্তঃৰাষ্ট্ৰীয় মেলা/বি.এম.এছ. সমূহত অংশ গ্ৰহন কৰে-

  • গৃহ মেলা ভাৰত ২০১২, বৃহত্তৰ নইদা
  • এম্বিয়েণ্ট, ফ্ৰেঙ্কফুৰ্ট, জাৰ্মানী
  • আই.আই.টি.এফ., নতুন দিল্লী

২০১৩-১৪ বৰ্ষত আৰ্টফেডে তলত উল্লেখ কৰা মূল আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান সমূহত অংশগ্ৰহন কৰাৰ প্ৰস্তাৱগ্ৰহন কৰিছিল

  • ২৫ সংখ্যক শৰত্ মেলা, বাঁহৰেইন
  • ইম্পৰ্ট শ্বপ বাৰ্লিন, বৰ্লিন, জাৰ্মানী
  • ভাৰত বাণিজ্য প্ৰদৰ্শনী, জেদ্দাহ, চৌদি আৰৱ
  • ৩৬ সংখ্যক ভাৰত হস্তশিল্প আৰু উপহাৰ মেলা, বৃহত্তৰ নইদা
  • ভাৰত ফাৰ্ণিচিং, ফ্লৰিং আৰু টেক্সটাইল শ্ব, বৃহত্তৰ নইদা
  • আই.আই.টি.এফ., নতুন দিল্লী
  • এম্বিয়েণ্ট, ফ্ৰেঙ্কফুৰ্ট, জাৰ্মানী