মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)

উত্পাদনসমূহ

হস্ততাঁত উত্পাদনসমূহ

ৰাজ্যৰ বাহিৰে-ভিতৰে আৰ্টফেডৰ ৫৫খন বিক্ৰীকেন্দ্ৰ আছে। বিক্ৰী কেন্দ্ৰসমূহৰ প্ৰয়োজন অনুসৰিআৰ্টফেডে নিজৰ উত্পাদন কেন্দ্ৰ সমহূৰ পৰা বিক্ৰীৰ বাবে নিম্ন উল্লেখিত সামগ্ৰী সমূহ অধিক্ৰয়/তৈয়াৰ কৰে।

  • নুনীপাটৰ সকলো প্ৰকাৰ- সাধাৰণ সাজ, চাদৰ-মেখেলা, শাৰী, গামোচা, চেলেং চাদৰ, দখনা ইত্যাদি।
  • অ-নুনী পাটৰসকলো প্ৰকাৰ, মূগাৰ উকা সাজ -৩৬//-৪৪//বহল, মূগাৰ চাদৰ-মেখেলা, মূগা শাৰী, মূগা ৰিহা আৰু একে জাতীয় সাজ-মূগাৰ চোলা, মূগাৰ জেকেট, মূগাৰ টাই, মূগাৰ কুৰ্তা ইত্যাদি।
  • এৰি উকা সাজঃ- -৩৬//-৫৬//, পুৰুষ আৰু মহিলাৰ এৰি শ্বল, এৰি জেকেত সদৃশ পোছাক, এৰি চোলা ইত্যাদি।
  • কপাহী প্ৰকাৰঃ- কপাহী গোমোচা, কপাহী চাদৰ মেখেলা, চেলেং চাদৰ, বিচনা চাদৰ, চোলা লেখিয়া পোছাক, কুৰ্তা/পাইজামা, কপাহী বেগ ইত্যাদি।
  • এক্ৰাইলিকৰ প্ৰকাৰঃ এক্ৰাইলিক শ্বল, নগা শ্বল, চাদৰ মেখেলা, জেকেট সদৃশ পোছাক, থুনপাক ইত্যাদি।
  • লিয়াচাংফিঃ- সকলো আকাৰৰ ৰঙিন লিয়াচাংফি।

হস্ততাঁতশিল্পজাত সামগ্ৰীসমূহ

  • বেট আৰু বাঁহ নিৰ্মিত সকলো প্ৰকাৰৰ উত্পাদন যেনে, চোফা চেট, ট্ৰে, মুড়া, সজোৱা সামগ্ৰী, শিতলপাতি, সজোৱা জাপি ইত্যাদি।
  • সকলো প্ৰকাৰৰ কাঠেৰে নিৰ্মিত সামগ্ৰী যেনে- গঁড়, হাতী, বিভিন্ন পক্ষী, ইয়াক, মেথুন ইত্যাদি।
  • কাঁহ ধাতুৰ নিৰ্মিত বিভিন্ন সামগ্ৰী যেনে- কাঁহি-বাটি, বানবাতি, চোপবাতা, বানকাঁহি, ঘটি।
  • পিতল ধাতুৰ বিভিন্ন প্ৰকাৰ যেনে সকলো আকাৰৰ ঢাকনিৰ সৈতে শৰাই, থিয় জাপি, বেৰত লগোৱা জাপি, ট্ৰে, চৰিয়া, কলহ ইত্যাদি।
Downloads
TitleSizeDetail
Handloom & Handicraft Products of ARTFED111.11 KBswf-image