মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)

অধিক্ৰয় আৰু বিক্ৰী

আৰ্টফেডে বামুনীমৈদাম, পশ্চিম বৰাগাঁও আৰু নলবাৰীস্থিত নিজৰ হস্ততাঁত উত্পাদন এককৰ পৰা অধিক্ৰয় কৰাৰ উপৰিও ব্যক্তিগত শিপিনী আৰু শিল্পী, প্ৰাথমিক পৰ্য্যায়ৰ সমবায় সমিতি, আত্ম সহায়ক গোট, বেচৰকাৰী সংগঠনৰ পৰাও সকলো হাতে বোৱা বস্ত্ৰশিল্প (এড়ী, মূগা, কপাহী, কৃতিম) আৰু হস্তশিল্পজাত সামগ্ৰী (বেঁত আৰু বাঁহজাতক সামগ্ৰী, শিতল পাতি, কাঠৰ সামগ্ৰী, কাঁহ আৰু পিতল ধাতুজাতক সামগ্ৰী)আদিবোৰো ক্ৰয় কৰে। হাতে বোৱা আৰু হস্তশিল্পজাত সামগ্ৰী সমূহ অধিক্ৰয় কৰাৰ সময়ত কেঁচা সামগ্ৰীৰ দাম, মজুৰী, সাধাৰণ খৰচ আৰু লাভৰ উচিত অৱধি আদিবোৰলৈ লক্ষ্য ৰাখি এই সামগ্ৰী সমূহৰ দাম নিৰ্ধাৰণ কৰা হয়। জাগৰণ নামৰ আৰ্টফেডৰ ৫৫ খন বিক্ৰীকেন্দ্ৰৰ জৰিয়তে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ হাতে বোৱা আৰু হস্তশিল্পজাত সামগ্ৰী সমূহ ৰাজ্যৰ ভিতৰত আৰু বাহিৰতবিক্ৰী আৰু প্ৰদৰ্শন কৰা হয়।

ইয়াৰ বাহিৰেওএকাকী নিলাম ব্যৱস্থাৰ অধীনত, আৰ্টফেডে হাতে বোৱা আৰু হস্তশিল্পজাত সামগ্ৰী সমূহ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ যেনে গৃহ বিভাগ, সমাজ কল্যাণ বিভাগ, গুৱাহাটী উন্নয়ন প্ৰাধিকৰণ আৰু কেন্দ্ৰীয় চৰকাৰৰো ভাৰতীয় ৰেলৰ দৰে বিভাগকো এ.চি.এ.এছ.এইচৰ জৰিয়তেযোগান ধৰিছে।